Show/Hide Keyboard Layout

আজি জাগা মোৰ মাতৃ

- জ্যোতিপ্ৰসাদ আগৰৱালা

আজি জাগা মোৰ মাতৃ

জাগা জোনাকী বাটৰ যত

শকতিৰূপিনী অভিযাত্ৰী

আন্ধাৰৰ স’তে শেষ সংগ্ৰামৰ বাবে

জাগা জননী জাতি

প্ৰালয়িকী ছন্দে ...

 

অভিনৱ জীৱনৰ

সুৰ লয় তালে মানে

আলোকময়ী গানে গন্ধে ...

 

জাগা নৱ ভাৰতৰ

জাগা নৱ অসমৰ

উদ্বোধিতা জন মাতৃ,

সংস্কৃতি সবিতাৰে

পোহৰাই নবীন ধৰিত্ৰী ।

 

বাট দেখুৱাই ব’লা

নিখিল পৃথিৱীকে

পুণ্যভূমি ভাৰতৰ

জ্ঞানাৰুণ জ্যোতিস্নাতা

জোনাকী বাটৰ অভিযা‌ত্ৰী

জাগা নৱ জীৱনৰ

অভিনৱ মাতৃ ।।

Hits: 1991